দৰং-ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াৰ আশাৰ ৰেঙণি - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 4:15 PM IST

thumbnail
দৰং-ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াৰ আশাৰ ৰেঙণী (ETV Bharat Assam)

দৰং,৪ জুন: পুৱাৰে পৰা দেশৰ প্ৰতিখন জিলাৰে ভোটগণনা কেন্দ্ৰত অব্যাহত আছে ভোটগণনা প্ৰক্ৰিয়া । কোনো সমষ্টিত যদি তীব্ৰ প্ৰতিদ্বন্দ্বিতা আন কোনো সমষ্টিত বিজেপিৰ অগ্ৰগতি । দৰং-ওদালগুৰি লোকসভা সমষ্টিটো চলি আছে ভোটগণনা । সমষ্টিটোত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ ব্যাপক অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে । ৮৮,০৩৯ টা ভোটত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই অগ্ৰগতি লাভ কৰে ।  

ইফালে কংগ্ৰেছে ১,৫৬,৫৩১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলে লাভ কৰে ২,৪৪,৫৭০ টা ভোট ।  ফলাফলৰ অগ্ৰগতিত সুখী বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া । আশা কৰা ধৰণে ফলাফল লাভ কৰা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে শইকীয়াই । শেহতীয়া তথ্য অনুসৰি দৰং ওদালগুৰিৰ ১১ টা বিধানসভা সমষ্টিৰ ১০ টাতে বিজেপি দল আগবাঢ়ি আছে । কেৱল সংখ্যালঘুপ্ৰধান দলগাঁও সমষ্টিত কংগ্ৰেছ দল আগবাঢ়ি আছে বুলি উল্লেখ কৰে শইকীয়াই ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.