বান প্ৰতিৰোধৰ ক্ষেত্ৰত ধেমাজিক সদায় অগ্ৰাধিকাৰ দিয়া হৈছে : পীযুষ হাজৰীকা - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:44 PM IST

জোনাই, 20 জুন : জোনাইত বৃহস্পতিবাৰে বিয়লি ভাগত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷ জোনাইত উপস্থিত হৈ মন্ত্ৰী হাজৰীকাই কেৰকেৰ অঞ্চলৰ পৰা নতুনকৈ নিৰ্মাণ হ’ব লগা মথাউৰিৰ স্থান পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীজনে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ধেমাজি জিলাৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভাগে সদায় অগ্ৰাধিকাৰ দি আহিছে ৷ পৰৱৰ্তী সময়তো জিলাখনক বান মুক্ত কৰিবলৈ এই অগ্ৰাধিকাৰ দিয়া হ’ব বুলি কয় তেওঁ ৷ 

পৰিদৰ্শনৰ সময়ত মন্ত্ৰীজনে 50 কোটি টকা ব্যয় কৰি মুঠ 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে ৷ পৰিদৰ্শনৰ সময়ছোৱাত নৱ নিৰ্বাচিত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, জিলা আয়ুক্ত অংকুৰ ভৰালীৰ লগতে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : আহাৰমহীয়া বানে প্ৰাণ ল’লে শিশুৰ - ASSAM FLOOD 2024 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.