শাওনৰ প্ৰথমটো সোমবাৰে নলবাৰীত হাজাৰ হাজাৰ ভক্তৰ সমাগম - Holy Shravan Month

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:34 PM IST

thumbnail
মহাদেৱৰ ৯১ ফুট ওখ মূৰ্তি (ETV Bharat Assam)

নলবাৰী, ২২ জুলাই: আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । শাওণক পৱিত্ৰ মাহৰূপে পালন কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে । আজি পৱিত্ৰ মাহটোৰ প্ৰথমটো সোমবাৰ উপলক্ষে দেশ তথা ৰাজ্যৰ  শিৱ মন্দিৰ তথা ধামত সেৱা লৈছে লাখ লাখ ভক্তই । নলবাৰীতো পৱিত্ৰ শাওণ মাহ উপলক্ষে জিলাখনৰ খাৰজাৰা আশ্ৰমৰ সমীপতে অৱস্থিত মহাদেৱৰ ৯১ ফুট ওখ মূৰ্তিত পূজা-অৰ্চনাৰ বাবে ভক্তৰ সোঁত বৈছে ।  

মহালক্ষ্মী সঞ্চয় আঁচনি আৰু ঋণদান সমবায় সমিতিৰ লাভ্য়াংশৰে নিৰ্মিত শিৱমূৰ্তি দৰ্শন কৰি ভক্তসকলে মনোবাঞ্ছা পূৰণ কৰাৰ বাবে আশিস লয় । পবিত্ৰ শাওন মাহৰ সোমবাৰৰ দিনা ভক্তসকলে শিৱলিংগক গাখীৰৰে স্নান কৰাই মহাদেৱক স্তূতি কৰে । ৩০ সহাস্ৰাধিক ভক্তই পুৱাৰে পৰা আশিস লোৱা বুলি সদৰী কৰিছে পৰিচালনা সমিতিয়ে । আনহাতে, মহালক্ষ্মী সঞ্চয় আঁচনি আৰু ঋণদান সমবায় সমিতিয়ে এই সুউচ্চ বাবা ভোলানাথৰ মূৰ্তিটোৰ ওচৰতেই এটা গুহা নিৰ্মাণ কৰি উলিয়াইছে ।  

লগতে পঢ়ক:গুৱাহাটীত ব’লব’ম বা শাওণ মেলা পৰিচালনাৰ বাবে প্ৰশাসনৰ বিশেষ বৈঠক - Bolbom 2024

শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.