বিস্মিতা গগৈয়ে দলত কাম কৰিবলৈ সুবিধা নোপোৱাৰ বাবে BJP ত যোগদান কৰিছে: দেৱব্ৰত শইকীয়া - Devabrat Saikia reacts on Angkita
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-01-2024/640-480-20610024-thumbnail-16x9-char.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 28, 2024, 12:39 PM IST
|Updated : Jan 28, 2024, 1:35 PM IST
ডিব্ৰুগড়, 28 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে শাসক দল বিজেপিত যোগদান কৰা ঢৌ আৰম্ভ হৈছে । আজিৰ দিনটোত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তকে ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিপাংক কুমাৰ নাথে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ।
বিস্মৃতা গগৈ আৰু অংকিতা দত্তৰ ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ সন্দৰ্ভত চৰাইদেউৰ সোণাৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া । বিস্মৃতা গগৈয়ে দলত কাম কৰিবলৈ সুবিধা নোপোৱাৰ অভিযোগত BJP ত যোগদান কৰিছে বুলি মন্তব্য ।
আনহাতে, আছুৰ প্ৰাক্তন সভাপতি দিপাংক কুমাৰ নাথে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা কাৰ্যক গৰিহণা বিৰোধী দলপতিগৰাকীৰ । লগতে আছু নেতাসকলে এনেদৰে ৰাষ্ট্ৰীয়তাবাদী শিবিৰৰ ৰাজনীতিত যোগদান কৰাত আছুৰ প্ৰতি ৰাইজৰ আস্থা নাইকিয়া হ'ব বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ ।
লগতে পঢ়ক : অসম তথা ভাৰতৰ সকলো ভাল মানুহ বিজেপিত থকাটো প্ৰয়োজন : ৰামেশ্বৰ তেলী