thumbnail

চাহ শ্ৰমিকৰ দাবী পূৰণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰাপ্য বঞ্চিত শ্ৰমিকৰ - Tea workers protest in jorhat

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 1:37 PM IST

যোৰহাট, 1 এপ্ৰিল: চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল যোৰহাটৰ চিনামৰা চাহ বাগিচা ৷ অসম চাহ নিগমৰ অধীনত থকা চিনামৰা চাহ বাগিচাত সহস্ৰাধিক শ্ৰমিকে কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বাগিচাখনৰ শ্ৰমিকসকলক অসম চাহ নিগমে প্ৰতাৰণা আৰু বঞ্চনা কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

এই সন্দৰ্ভত শ্ৰমিকসকলে কয়, "বদলি প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে চাহ শ্ৰমিকৰ যি প্ৰাপ্য মজুৰি সেই মজুৰি আজিকোপতি অসম চাহ নিগম তথা ৰাজ্য চৰকাৰে প্ৰদান নকৰিলে । বৰ্তমান অসম চাহ নিগমৰ অধীনৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকে 205 টকা মজুৰিত দিন হাজিৰা কৰিব লগা হৈছে ৷ কিন্ত ব্যক্তিগত চাহ বাগিচাৰ শ্ৰমিকে 250 টকা হাজিৰা পাবলৈ সক্ষম হৈছে । অৰ্থাৎ অসম চাহ নিগম আৰু ব্যক্তিগত চাহ শ্ৰমিকৰ মাজত সৃষ্টি কৰা হৈছে বৈষম্য কৰা হৈছে ৷ মেডিকেল কলেজ আৰু পথ নিৰ্মাণ কৰিলে উন্নয়ন নহয় ৷ " 

অসম চাহ নিগম তথা ৰাজ্য চৰকাৰে শীঘ্ৰে এই সন্দৰ্ভত ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ নকৰিলে ই ভিএমৰ জৰিয়তে ইয়াৰ উচিত প্ৰতুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰাপ্য বঞ্চিত শ্ৰমিকে । 

লগতে পঢ়ক: আজি হ’ব বটলিফ্ট ফেক্টৰীৰ কৰ্তৃপক্ষ আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত আলোচনা - Protest Of Small Tea Planters

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.