কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত দেওহাঁহ কাৰাটে চেম্পিয়নশ্বিপ - karate Championship - KARATE CHAMPIONSHIP
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-04-2024/640-480-21336240-thumbnail-16x9-gh-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Apr 28, 2024, 4:50 PM IST
গুৱাহাটী, ২৮ এপ্ৰিল: গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক দেওহাঁহ কাৰাটে চেম্পিয়নশ্বিপ । দেশৰ ১০ খন ৰাজ্যৰ মুঠ ২৪ শ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখনিত । ইয়াৰ ভিতৰত অসমৰ প্ৰায় এহেজাৰ খেলুৱৈ অংশ লৈছে । মূলতঃ অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ এই প্ৰতিযোগিতাৰ আয়োজিত কৰা বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ।
এই প্ৰতিযোগিতাত মুঠ পুৰস্কাৰ ১০ লাখ টকা আগবঢ়োৱা হৈছে । কেইবাটাও শাখাত অনুষ্ঠিত কৰা হৈছে এই কাৰাটে চেম্পিয়নশ্বিপখনি । ৮ বছৰ বয়সৰ পৰা আৰম্ভ কৰি ১৮ বছৰৰ উৰ্ধৰ খেলুৱৈয়ে অংশ লৈছে এই সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখনিত । সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ সংখ্য়া বৃদ্ধি হোৱাত উদ্যোক্তাসকল উৎসাহিত হোৱা বুলি কয় ।
লগতে পঢ়ক: টি-২০ বিশ্বকাপত কোন কোন থাকিব ভাৰতীয় দলত ? - T20 World Cup 2024