চৰকাৰে ৰাজনৈতিক মুনাফা লাভৰ বাবে বিকৃত কৰিছে ইতিহাস: বিৰোধী দলপতি - Assam assembly autumn session

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:59 PM IST

thumbnail
চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (ETV Bharat Assam)

গুৱাহাটী,২৯ আগষ্ট: "বিজেপি চৰকাৰে পৰম্পৰা আৰু ইতিহাস বিকৃত কৰিছে ।" - এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থ দিনা কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ ইতিহাস বিকৃতকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে । সদন ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় - "আহোম সময়ৰ পৰম্পৰা এইখন চৰকাৰৰ দিনত নাইকিয়া কৰা হৈছে । এইখন চৰকাৰৰ দিনত পৰম্পৰা ধ্বংস কৰা হৈছে । ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকাক লাচিত বৰফুকনৰ লগত কাষে কাষে যোৱা বুলি ইতিহাসত বিভিন্ন তথ্য আছে । তাৰ পাছতো এই চৰকাৰৰ দিনত দিল্লীত লাচিত দিৱস পাতি এই ইতিহাস বিকৃত কৰা হৈছে ।"  

তেওঁ লগতে কয়,"বৃটিছৰ দিনত নগাঁৱৰ আলিটাঙনীৰ ওছমান আলী সদাগৰে অসমীয়া বিদ্যালয় স্থাপন কৰি মহন্ত উপাধিৰ প্ৰধান শিক্ষক নিযুক্তি দিছিল । তেনে এক ইতিহাস থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এটা ধৰ্মৰ বাবে এইখিনি মানুহক খুব অশালীন মন্তব্য কৰি থকাটো সংসদীয় পৰম্পৰা নহয় । ইতিহাসে নিষ্ঠুৰভাৱে সত্য উদঙাই দিয়ে । কিন্তু চৰকাৰখনে ৰাজনৈতিক মুনাফা লাভৰ বাবে ইতিহাস বিকৃত কৰিছে । যাৰ বাবে আজি আমি সদন ত্যাগ কৰিছো ।"

লগতে পঢ়ক: বিধানসভাত গৃহীত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ অধিনিয়ম 2024: হেৰিটেজ বেল্টত বৰপেটা-বৰদোৱা - Assam assembly autumn session

মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম - miya controversy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.