দুলীয়াজানত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Crime in Duliajan
🎬 Watch Now: Feature Video


Published : Feb 1, 2024, 8:00 AM IST
দুলীয়াজান,১ ফেব্ৰুৱাৰী: দুলীয়াজানৰ নাওহলীয়াত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য । দুলীয়াজানৰ নাওহলীয়া জুটলিবাৰী চাহ বাগিচাৰ ১৪ নম্বৰ বাগানত উদ্ধাৰ হয় এটা মৃতদেহ । মৃতদেহটো নাওহলীয়া সাধু নগৰীৰ হাচান আলীৰ বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিগত ২৬ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল হাচান আলী ।
সন্ধানহীন হৈ থকা হাচান আলীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ প্ৰকাশ কৰি দাখিল কৰে এজাহাৰ । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত চলাই থকাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে দুলীয়াজানৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ।
লগতে পঢ়ক: আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতেই গুলীবিদ্ধ চোৰ