thumbnail

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 12:41 PM IST

ETV Bharat / Videos

পুখুৰীত উপঙি থকা অৱস্থাত দেৱান বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ

তিতাবৰ, 3 মাৰ্চ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মৃতদেহ উদ্ধাৰৰ ঘটনা ৷ এইবাৰ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ দয়ালপুৰত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । নাগালেণ্ডত শ্ৰমিক হিচাপে কৰ্মৰত লোকজনে দীনেশপুৰত থকা ভগ্নীৰ গৃহলৈ বুলি শনিবাৰে আহিছিল ।

তাৰ পিচতে দেওবাৰে পুৱা এটা পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় লোকে লোকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে । নিহত ব্যক্তিজনৰ নাম দেৱান বসুমতাৰী বুলি জানিব পৰা গৈছে । লোকজনক কোনো লোকে হত্যা কৰিছে নে অন্য কাৰণ মৃত্যু ঘটিছে সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে জানিব পৰা যাব ।

ইতিমধ্যে ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । লগতে আৰক্ষীয়ে স্থানীয় লোককো সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ধাবাত 3 জাঁইকৈ গুলী ফুটাই আতংকৰ সৃষ্টি; আৰক্ষীৰ জিম্মাত দুৰ্বৃত্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.