আমাৰ যেন মূল্য নাই, শিক্ষাগত অৰ্হতা নাই ! দৈনিক ১৫০-২০০ টকা মজুৰিপ্ৰাপ্ত শিক্ষকৰ ক্ষোভ - Teachers Protest in Tinsukia

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 5:47 PM IST

thumbnail
শ্ৰমমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত শিক্ষকৰ প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ বাসগৃহৰ সন্মুখত অনশনত বহিল শিক্ষক ৷ চাহ বাগিচাৰ দৈনিক মজুৰিপ্ৰাপ্ত শিক্ষকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মন্ত্ৰীগৰাকীৰ তিনিচুকীয়াস্থিত বাসগৃহৰ সন্মুখত ৷

নিত্য ব্যৱহাৰ্য বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো অসমৰ ৪০০ৰো অধিক চাহ বাগিচাৰ বিদ্যালয়ত ১৫০ ৰ পৰা ২০০ টকা দৈনিক মজুৰি লৈ একাংশ শিক্ষকে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে ৷ প্ৰায় ১৫ বছৰ ধৰি এই শিক্ষকসকলে ন্যূনতম হাজিৰাত শিক্ষাদান কৰি আহিছে ।

কিন্তু শিক্ষকসকলৰ চাকৰি পদোন্নতি কৰা হ’ব বুলি চৰকাৰে বহুবাৰ আশ্বাস দিলে যদিও এই আশ্বাস ভুৱা বুলি প্ৰমাণিত হোৱাত জাঙুৰ খাই উঠিছে অসম চাহ বাগিচা দৈনিক মজুৰি প্ৰাথমিক শিক্ষক সন্মিলন ৷ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে বৃহস্পতিবাৰে শিক্ষক দিৱসৰ দিনটোতে অনশনৰ জৰিয়তে চাকৰিৰ পদোন্নতিৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ?

শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ

মুৰুলী বৰা; গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.