বাহনত তেল ভৰাওতে সাৱধান, প্ৰৱঞ্চনাৰ বলি হ'ব পাৰে আপুনিও - Fraud at petrol pump

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 5:31 PM IST

thumbnail
বাহনত তেল ভৰাওতে সাৱধান (ETV Bharat Assam)

ডিব্ৰুগড়,২৬ জুলাই: ভেজাল পেট্ৰ’ল, ডিজেল গ্ৰাহকক দি একাংশই তেল ডিপোত লুন্ঠন চলাই অহাৰ খবৰ ৰাজহুৱা হোৱা সময়তে মৰাণত তেল ডিপোত গ্ৰাহকক প্ৰৱঞ্চনা কৰ্মচাৰীৰ । তেলৰ বিনিময়ত পইচা লৈ তেল নিদিয়াকৈ গ্ৰাহকক ঠগিবলৈ চেষ্টা কৰোতেই মৰাণত হাতে-লোটে ধৰা পৰিল তেল ডিপোৰ কৰ্মচাৰী । চৰাইদেউ জিলাৰ মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত 'আৰ. আৰ. কৰ্পৰেচন প্ৰাইভেট লিমিটেড' নামৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত সংঘটিত হয় এই কাণ্ড ।  

মৰাণৰ জান শইকীয়া নামৰ ব্যক্তিজনৰ Eco Sport গাড়ীখনত তেওঁৰ পুত্ৰই তেল ভৰাবলৈ আহি গুগ'ল পেৰ জৰিয়তে ডিপোটোত পাঁচশ টকা প্ৰদান কৰে । তেল ভৰোৱাৰ পাচতে তেলৰ মিটাৰ উৰ্দ্ধগামী নোহোৱাত যুৱকজনে সন্দেহবশতঃ ডিপোটোৰ কৰ্মচাৰীক প্ৰশ্ন কৰাত গাড়ী কিছুদুৰ চলালে মিটাৰ উঠিব বুলি কৈ পঠাই দিয়ে কৰ্মচাৰীজনে । কিন্তু গাড়ী অলপদুৰ চলোৱাৰ পাচতে মিটাৰ ক্ৰমাৎ নিম্নগামী হোৱাত যুৱকজনে ঘুৰি আহি তেল ডিপোটোত কৰ্মচাৰীজনক এই বিষয়ে অৱগত কৰাত পাঁচশ টকাৰ তেল পুনৰ ভৰাই দিয়ে । গাড়ীৰ গৰাকী জান শইকীয়াৰ লগতে বহু কেইগৰাকী সচেতন ব্যক্তি উপস্থিত হৈ ডিপোৰ কৰ্মচাৰীজনক সোধপোচ কৰাত অৱধ কুমাৰ নামৰ কৰ্মচাৰীজনে নিজৰ দোষ স্বীকাৰ কৰে । ঘটনা সম্পৰ্কত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰৱঞ্চক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী লোকজনে ।

লগতে পঢ়ক: আগধন দি বুকিং কৰিও সময়ত নাপালে হোটেলৰ কোঠা, যাব লগা হ’ল আৰক্ষী থানালৈ - Cheating Incident

চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী লাটমণ্ডল - Land fraud case

বিক্ৰী হৈ গ’ল এখন গাঁও; ঘুণাক্ষৰেও গম নাপালে গাঁওবাসীয়ে ! কিন্তু কেনেকৈ... - Juna Pahadiya Village

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.