ভালুকৰ সাঙীত পৰিণত ৫০ কোটি টকাৰে নিৰ্মাণ হোৱা গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনি - গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনি
🎬 Watch Now: Feature Video
Published : Mar 5, 2024, 8:47 PM IST
যোৰহাট, 5 মাৰ্চ : No Water No Vote সংকল্প ৰাইজৰ । ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনি ভালুকৰ সাঙীত পৰিণত । এটুপি খোৱা পানীৰ বাবে কলহ-বাল্টি লৈ প্ৰতিবাদ ৰাইজৰ । যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ ৬ খন গাঁও পঞ্চায়ত আৰু ৩০খন গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবৰ বাবে ২০১৩ বৰ্ষত আধাৰশিলা স্থাপন কৰা হৈছিল গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনিৰ । কিন্ত এই আঁচনিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো পানী যোগান ধৰাত ব্যৰ্থ হৈছে চৰকাৰ । যাৰ ফলত এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে ৷ পানী বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ ।
প্ৰায় পঞ্চাশ কোটি টকাৰ ব্যয় সাপক্ষে নিৰ্মাণ কৰা এই পানী যোগান আঁচনিখন বৰ্তমান বগাহাতীত পৰিণত হৈছে । যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা । আটছাৰ সহযোগত মঙলবাৰে স্থানীয় মহিলাসকলে কলহ-বাল্টি লৈ প্ৰতিবাদত সাব্যস্ত কৰাৰ লগতে বিশুদ্ধ খোৱাপানী যোগান নিদিলে সমাগত লোকসভা নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ দিয়ে । সততে উন্নয়নৰ শ্ল’গান দি থকা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৰাইজৰ সমস্য সমাধান কৰাত যে ব্যৰ্থ হৈছে সেয়া চাহ শ্ৰমিক ৰাইজৰ ক্ষোভে স্পষ্ট কৰি দিলে । এতিয়া মৰিয়নী সমষ্টিৰ চাহ জনগোষ্ঠীৰ অধিকাংশই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ ভোগদৈ আৰু বিভিন্ন নল-নাদৰ অপৰিষ্কাৰ পানী ওপৰতেই নিৰ্ভৰ কৰিব লগা হৈছে বুলি ক’লেও ভুল কোৱা নহ’ব ।
লগতে পঢ়ক : জোনাইত পানী যোগান আঁচনি নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ