কেতিয়া পাব স্থায়ী চাকৰি ? চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী - APDCL CONTRUCTUAL EMPLOYEES PROTEST - APDCL CONTRUCTUAL EMPLOYEES PROTEST
🎬 Watch Now: Feature Video
Published : Aug 8, 2024, 2:27 PM IST
বৰপেটা, 8 আগষ্ট : চাকৰিৰ নিয়মীয়াকৰণৰ পক্ষে বৰপেটাত শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ ৷ এ পি ডি চি এলৰ অস্থায়ী কৰ্মচাৰীসকলে চাকৰিৰ নিয়মীয়াকৰণৰ দাবীৰে বৰপেটা জিলা বৈদ্যুতিক উপ-মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিক্ষোভ, ধৰ্ণা কাৰ্যসূচীৰে কৰ্মচাৰীসকলে তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এ পি ডি চি এলৰ আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ ফালৰ পৰা এই বিষয়ত বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো অস্থায়ী কৰ্মচাৰীসকলৰ সমস্যা আজিলৈকে সমাধান নহ’ল ৷ বৰ্তমান সময়ত অসমত প্ৰায় ৫,২২৩ গৰাকী অস্থায়ী কৰ্মচাৰী আছে ৷ কেৱল বৰপেটা জিলাতে আছে 400 ৰো অধিক অস্থায়ী কৰ্মচাৰী ৷
চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো পদক্ষেপ এই মুহূৰ্তলৈকে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰিৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা একপ্ৰকাৰ পৰিলক্ষিত হৈছে ৷ অতি শীঘ্ৰে চাকৰিৰ নিয়মীয়াকৰণ নকৰিলে গণতান্ত্ৰিকভাবে আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে জিলাখনৰ শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে ৷