ন্যায় যাত্ৰাৰ সময়ত বৰপেটাত উন্মুক্ত নলাত পৰি আহত কংগ্ৰেছ কৰ্মী - ৰাহুল গান্ধী
🎬 Watch Now: Feature Video


Published : Jan 24, 2024, 2:24 PM IST
বৰপেটা, 24 জানুৱাৰী : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত অঘটন ৷ বৰপেটা চহৰৰ মাজমজিয়াত পদপথৰ উন্মুক্ত নলাত পৰি আহত হ'ল ন্যায় যাত্ৰাত ভাগ লোৱা এজন লোক ৷ উল্লেখ্য যে, বৰপেটাৰ আমবাৰীহাতীৰ পাঁচআলী চ’কৰ পৰা বৰপেটা বৰবজাৰ পাঁচআলী চ’কলৈ যোৱা পথত থকা হনুমান মন্দিৰৰ সমীপতে এই ঘটনা সংঘটিত হয় ৷ কাৰণ পথটোৰ পদপদৰ নলাৰ ওপৰত নাছিল কোনো ঢাকনি ৷ ফলত নলাত পৰি আহত হ'ল ন্যায় যাত্ৰাত অংশ লোৱা কংগ্ৰেছ সমৰ্থক ৷
ইফালে, চহৰখনৰ মাজমজিয়াত উন্মুক্ত হৈ থকা নলাৰ বাবে বৰ্তমানলৈকে কেইবাজনো লোক আহত হৈছে ৷ কি কাৰণত চহৰখনৰ মাজমজিয়াৰ ব্যস্ত পদপথটোৰ নলা উন্মুক্ত হৈ থাকিল তাক লৈয়ো প্ৰশ্ন একাংশ লোকৰ ৷ শীঘ্ৰে নলাটোৰ ওপৰত ঢাকনি দিবলৈ পৌৰসভাৰ প্ৰতি আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কোনো ফেক্টৰেই নহয় বিজেপিৰ বাবে; বিধায়ক বিনোদ হাজৰিকা