thumbnail

আৰক্ষীয়ে নিৰাপত্তা নিদিলে নিজৰ নিৰাপত্তাৰ বাবে সাজু কংগ্ৰেছ : ভূপেন বৰা

By ETV Bharat Assamese Team

Published : 2 hours ago

নগাঁও : চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে 15 অক্টোবৰত উলিওৱা কংগ্ৰেছৰ এক ৰেলীত হোৱা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে প্রদেশ কংগ্ৰেছ । কংগ্ৰেছৰ ৰেলীত আক্ৰমণ কৰা ঘটনাত জড়িত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শনিবাৰে ৰূপহীহাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে ।

দলটোৱে ৰূপহীহাট আৰক্ষী থানাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত ৰূপহীহাট ৰাজীৱ ভৱনৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হুংকাৰ প্ৰদান কৰি কয়, "আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত নকৰিলে কংগ্ৰেছৰ নেতাসকলেও চৰকাৰী নিৰাপত্তা পৰিহাৰ কৰিব । নিজৰ নিৰাপত্তাৰ দায়িত্ব নিজেই ল'বলৈ সাজু কংগ্ৰেছ ।"

লগতে প্ৰদৰ্শন :প্ৰতিটো নিৰ্বাচনতে চামগুৰিত নিৰ্বাচনী হিংসা কিয় ?
লগতে পঢ়ক :উপ-নিৰ্বাচন: শনি বা দেওবাৰে ঘোষণা হ'ব বিৰোধীৰ প্ৰাৰ্থীৰ নাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.