thumbnail

বৰপেটাৰ ৰাজীৱ ভৱনত কা বাতিলৰ দাবীত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:21 PM IST

বৰপেটা, ১১ মাৰ্চ : ৰাজ্যজুৰি আৰম্ভ হৈছে কা বিৰোধী প্ৰতিবাদ ৷ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিৰোধী ঐক্য মঞ্চকে ধৰি বিভিন্ন সংগঠনে এফালৰ পৰা আৰম্ভ কৰিছে কা বিৰোধী প্ৰতিবাদ ৷

সোমবাৰে বৰপেটাৰ ৰাজীৱ ভৱনত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকৰ নেতৃত্বত কা বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ শেহতীয়াভাৱে নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কা প্ৰৱৰ্তন কৰিব বুলি ঘোষণা কৰাত কংগ্ৰেছে কোনো কাৰণতে কা নমনাৰ হুংকাৰ প্ৰদান কৰে ৷

কংগ্ৰেছ কৰ্মীসকলে কা আমি নামানো, বিজেপি হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, বিজেপি গ’ বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ কা আন্দোলনকাৰীসকলৰ ওপৰত আৰক্ষী প্ৰশাসনক দমন নীতি নচলাবলৈও সকীয়নি প্ৰদান কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকে ৷

লগতে পঢ়ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.