নগাঁও মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহ - নগাঁও মহাবিদ্যালয়ৰ যুৱ সমাৰোহ
🎬 Watch Now: Feature Video


Published : Feb 27, 2024, 9:16 PM IST
নগাঁও,২৭ ফেব্ৰুৱাৰী: বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উজলি উঠিল নগাঁৱৰ ৰাজপথ । নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ ৭৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহ উপলক্ষে মঙলবাৰে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলে উলিয়াই সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাত গায়ন-বায়ন, শ্ৰীকৃষ্ণৰ কল্কি অৱতাৰ, বুঢ়া ডাঙৰীয়া, বৰদৈচিলা, ঘোঁৰাপাক আদি অসমৰ বাৰেৰহনীয়া সংস্কৃতি, জনশ্ৰুতি প্ৰকাশ পায় । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী নৌচাদ আখতাৰ হাজৰিকাই ।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে কয় যে এই শোভাযাত্ৰা উপভোগ কৰি এটা কথা অনুভৱ হৈছে নতুন প্ৰজন্মই অসমৰ গৌৰৱ, অসমৰ পৰম্পৰা হেৰাই যাবলৈ নিদিয়ে । লগতে অনাগত সময়ত অসমৰ চহকী সংস্কৃতিক নৱপ্ৰজন্মই অধিক ৰূপত উজলাই তুলিব বুলি দৃঢ়বিশ্বাসী মধ্য অসমৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ অধ্যক্ষ । এই শোভাযাত্ৰাত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ সপোনটি বৰদলৈ আৰু অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ ।
লগতে পঢ়ক: মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক "সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা" প্ৰদান