thumbnail

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 9:45 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰীক হেমপ্ৰভাই খুৱালে চাহ, প্ৰবীণ শইকীয়াই দিলে দৈৰ টেকেলি - Bihu World Record

কলিয়াবৰ, 21 জুন : ‘‘তেওঁ আমাৰ কাষলৈ আহিব বুলি কল্পনাই কৰা নাছিলো ৷ কল্পনা নকৰা কথা এটা আজি সম্ভৱ হ’ল ৷’’ মুখ্যমন্ত্ৰীক লগ পাই এনেদৰে ক’লে হেমপ্ৰভা বিশ্বাসে ৷

বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ এগৰাকী সহযোগী আছিল হেমপ্ৰভা বিশ্বাস ৷ অভিলেখ সৃষ্টিৰ পিচতে চৰকাৰে দিয়া মাননীৰে হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত খুলিলে এখন চাহৰ দোকান ৷ সেই দোকানখনৰ পৰাই তেওঁ চলি থকাৰ লগতে নিজৰ পঢ়াৰ খৰচো উলিয়াই আছে ৷ বিশেষ দোকানখনত শুকুৰবাৰে মুখ্যমন্ত্ৰী উপস্থিত হৈ হেমপ্ৰভাৰ হাতেৰে একাপ চাহ খালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সেই কাৰ্যত উৎফুল্লিত হেমপ্ৰভা বিশ্বাস ৷

আনহাতে একেদৰেই চৰকাৰৰ পৰা মাননী লাভ কৰিছিল সাংস্কৃতিক কৰ্মী তথা দক্ষ ঢুলীয়া প্ৰবীণ শইকীয়াই ৷ গৰু পালন কৰি স্বাৱলম্বী হোৱা প্ৰবীণ শইকীয়াই এতিয়া নতুনকৈ আৰু এজনী গৰু ক্ৰয় কৰি দুগ্ধ উৎপাদন কৰি আছে ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীক উপহাৰ হিচাপে দিলে দৈৰ এটা টেকেলি ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ সাক্ষাৎ লাভ কৰি প্ৰবীণ শইকীয়াও হৈ পৰিল সুখী ৷

লগতে পঢ়ক: আজি সুভদ্ৰাজ স্পাইৰেল পটেট’ত চাহৰ জুতি ল’ব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.