thumbnail

কলিয়াবৰৰ ৰাজেন চেত্ৰীক সহায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে - Assam CM

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 8:26 PM IST

কলিয়াবৰ, 21 জুন : কলিয়াবৰৰ জখলাবন্ধাত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ পাই উৎফুল্লিত হৈ পৰিল ৰাজেন চেত্ৰী ৷ মুখ্যমন্ত্ৰীক লগ পাই তেওঁৰ সমস্যা তথা অসুবিধাসমূহৰ বিষয়ে ব্যক্ত কৰে ৷  

ইফালে ৰাজেন চেত্ৰীৰ অসুবিধাসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ ৰাজেন চেত্ৰীয়ে মুখ্যমন্ত্ৰীক ভগৱান বুলি কৈ লগ পাই যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে ৷ শীঘ্ৰেই তেওঁক মুখ্যমন্ত্ৰীয়ে পেন্সন দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে ৷ প্ৰতিমাহে পেন্সন পাব বুলি জানিব পাৰি আনন্দিত হৈ পৰে ৰাজেন চেত্ৰী ৷ উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে দুয়োখন ভৰি হেৰুৱাইছিল চেত্ৰীয়ে ৷
 

লগতে পঢ়ক : আমাকো এধানি মৰম দিয়ক ! কামাখ্যা ধামৰ পৰা মৰম আকলুৱা মোহিনীৰ আহ্বান - Ambubachi 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.