ধুবুৰীত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ গো-মাফিয়া - Cattle Smuggling - CATTLE SMUGGLING

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:36 PM IST

ধুবুৰী,১৮ জুলাই : ধুবুৰীত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে । তাৰ মাজতে গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত গো-মাফিয়াক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ এনকাউণ্টাৰত গো-মাফিয়া চিৰাজুল হক গুলীবিদ্ধ হয় । এই সন্দৰ্ভত বৃহস্পতিবাৰে ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙে এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে দীৰ্ঘদিন ধৰি গো-মাফিয়া চিৰাজুল হক পলাতক হৈ আছিল । আৰক্ষীয়ে চিৰাজুলক বিচাৰি অভিযান চলাই আছিল আৰু অৱশেষত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কিন্তু গৰু সৰবৰাহ গোচৰৰ অধিক তদন্তৰ বাবে চিৰাজুলক আৰক্ষীয়ে লৈ যোৱাৰ সময়তে পুৱতি নিশা চিৰাজুলে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে । সেই সময়তে আৰক্ষীয়ে চিৰাজুললৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় ।

ভাৰত-বাংলাদেশ সীমান্তৰ পশ্চিম গাইখোৱা অঞ্চলত এই এনকাউণ্টাৰ সংঘটিত হয় । গুলীবিদ্ধ গো-মাফিয়া চিৰাজুল হক সম্প্ৰতি ধুবুৰী মেডিকেল কলেজত ভৰ্তি হৈ আছে । ইফালে গৰুৰ চোৰাং সৰবৰাহকে ধৰি বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হোৱাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক :এইবাৰ লুইতৰ বুকুত নহয়, চাহ বাগিচা চফৰত ব্যস্ত বন্যহস্তীৰ জাক - WILD ELEPHANT MANACE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.