আঁচনি কটাৰ ভয়ত বিজেপিৰ সভালৈ মানুহ আহিছে : লুৰীণজ্যোতি গগৈ - Lok Sabha Elections

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 10:46 AM IST

thumbnail

ডিব্ৰুগড়, 25 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ উঠিছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ । ডিব্ৰুগড় লোকসভা সমষ্টিত শাসক বিৰোধী সকলোৱে তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দেওবাৰে নিশা নামৰূপত উপস্থিত হয় বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ।

নামৰূপ ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত নামৰূপ সাৰ কাৰখানাৰ আটাইকেইখন ইউনিয়ন আৰু নামৰূপস্থ দল-সংগঠনৰ লগত আলোচনাত মিলিত হয় । কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানাটো যি মৃতপ্ৰায় অৱস্থা আছে, তাক লৈ আলোচনা কৰে দল-সংগঠনৰ বিষয়ববীয়াৰ সৈতে লুৰীণজ্যোতি গগৈয়ে ।

সাংসদ হিচাপে নিৰ্বাচিত হ'লে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ লগতে উদ্যোগটো পুনৰ অধিক কাৰ্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ইয়াৰ পাচতে নামৰূপৰ চাইকৌ গাঁও নামঘৰত আৰ্শীবাদ লয় লুৰীণজ্যোতি গগৈয়ে ৷

মূল্যবোধৰ ৰাজনীতিৰ কথা দোহাৰি নেতাজনে তেওঁৰ ৰাজনৈতিক সমীকৰণ অসমৰ জনতা বুলি মন্তব্য কৰি বিজেপিৰ বিৰুদ্ধে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি কয় । লগতে আঁচনি কটাৰ ভয়ত বিজেপিৰ সভালৈ মানুহ আহিছে বুলিও কয় লুৰীণ জ্যোতি গগৈয়ে ।

লগতে পঢ়ক : ৰাজনৈতিক ক্ষেত্রত সৰ্বানন্দ বনাম লুৰীণজ্যোতি: দুই প্ৰাক্তন আছু নেতাৰ বিচাৰ কৰিব ডিব্ৰুগড়বাসীয়ে - Dibrugarh Lok Sabha Constituency

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.