দোকানৰ সামগ্ৰী কিনিবলৈ ধনৰ বেগ থওঁতেই লুটিলে চোৰে - ষ্টেট বেংক
🎬 Watch Now: Feature Video


Published : Feb 13, 2024, 10:48 PM IST
চামগুৰি, 13 ফেব্ৰুৱাৰী: চামগুৰিত দিন দুপৰতে সংঘটিত হয় এটা চুৰিকাণ্ড ৷ চামগুৰি ষ্টেট বেংকৰ সন্মুখতে সংঘটিত এই ঘটনা ৷ এজন বয়োজ্যেষ্ঠ লোকৰ পৰা চোৰে লুটি নিলে 1.48 লাখ টকা ভৰ্তি এটা মোনা ৷ সমগ্ৰ ঘটনা বন্দী হ'ল দোকানৰ চিচি কেমেৰাত ৷ পুৰণিগুদাম নলবৰা গাঁৱৰ টংকেশ্বৰ শইকীয়া নামৰ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে 1 লাখ 60 হাজাৰ টকা উলিয়াই আনিছিল চামগুৰি ষ্টেট বেংকৰ পৰা ৷ তাৰ পিচতেই সমীপতে থকা এখন গেলামালৰ দোকানত বাকীৰ টকা পৰিশোধ কৰি মোনাটো কাষতে থৈ ক্ৰয় কৰি আছিল সামগ্ৰী ৷ তেনে সময়তে পূৰ্বৰ পৰাই অনুসৰণ কৰি থকা দুজন লোকৰ এজনে হাতত সাৰে ভৰিত সাৰে টকাৰ মোনাটো লৈ উধাও হয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত চামগুৰি থানাত দাখিল কৰা হৈছে এজাহাৰ ৷ আৰক্ষীয়ে চিচি টিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: চেগুনবাৰী চাহ বাগিচাৰ ফেক্টৰীত পৌৰসভাৰ তলা