গুৱাহাটীত প্ৰতি ঘন্টাত তিনি ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 7:09 PM IST

thumbnail
মহানগৰীত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ২ জুলাই : গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । মঙলবাৰৰ দিনটোত মহানগৰীত বিপদসীমাৰ ওপৰেৰে বৈছে মহাবাহু । প্ৰতি ঘন্টাত তিনি ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বিপদ সীমাৰ 0.82 মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ । মঙলবাৰে আবেলি ৫ বজাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ আছিল 50.50 মিটাৰ ।  

কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰৰ বিপদসীমা 49.86  মিটাৰ । আজি পুৱা ৮ বজাত মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে । পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ জলস্তৰ ব্যাপক হাৰত বৃদ্ধি পাইছে । দিনৰ ৩ বজাৰ পৰা ২-৩ ছেন্টিমিটাৰ প্ৰতি ঘন্টাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে । তেজপুৰত বৰষুণ নহ'লে গুৱাহাটীত জলস্তৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত পানীত বুৰ যোৱাৰ উপক্ৰম কালীপুৰৰ চক্ৰেশ্বৰ মন্দিৰত থকা ভগৱান বিষ্ণু-লক্ষ্মীৰ মূর্তি ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.