তিনিদিনৰ পিচত আহিব বিপিএফৰ আৰু তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 5:55 PM IST

চিৰাং, 16 মাৰ্চ : চিৰাঙৰ বাথৌ খেৰাইত অনুষ্ঠিত হয় বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত অসমৰ মুঠ ৫ টা লোকসভা সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে নেতৃত্বই । সমষ্টিসমূহ ক্ৰমে কোকৰাঝাৰ, দৰং-ওদালগুৰি, বৰপেটা, গুৱাহাটী আৰু শোণিতপুৰ লোকসভা সমষ্টি । কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে খাম্পা বৰগয়াৰীক প্ৰাৰ্থিত্ব দিয়াৰ লগতে দৰং-ওদালগুৰি সমষ্টিত বিধায়ক দুৰ্গা দাস বড়োক প্ৰক্ষেপ কৰিছে ।

চিৰাঙৰ বাথৌ খেৰাইত অনুষ্ঠিত হোৱা বিপিএফৰ এই কেন্দ্ৰীয় ৮৫ সংখ্যক কাৰ্যনিৰ্বাহক সভাত প্ৰাৰ্থী ঘোষণা কৰিলে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । পাঁচটা সমষ্টিত নিৰ্বাচন খেলাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ । আনহাতে শোণিতপুৰ , বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা তিনিদিনৰ পিচত কৰিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । সাংবাদিকৰে সৈতে হোৱা মত বিনিময়ৰ সময়ত আটাইকেইটা সমষ্টিতে জিকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে বি পি এফৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : দৰং-ওদালগুৰিত দুৰ্গা দাস বড়ো, কোকৰাঝাৰত খাম্ফা বৰগয়াৰী হ’ব বিপিএফৰ প্ৰাৰ্থী 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.