মাজুলীৰ বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ স্বাস্থ্যৰ অৱনতি - Satradhikar Bhabadev Goswami

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:28 PM IST

thumbnail
মাজুলীৰ বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ ভৱ দেৱ গোস্বামীৰ স্বাস্থ্যৰ অৱনতি (ETV BHARAT ASSAM)

মাজুলী, ২৯ জুন: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ মাজুলীৰ বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীক ৷ বাৰ্ধ্যক্যজনিত কাৰণত মাজুলী গড়মূৰ পিতাম্বৰ দেৱ গোস্বামী অসামৰিক জিলা চিকিৎসালয়ত বুধবাৰৰ পৰা চিকিৎসাধীন হৈ আছিল ভৱদেৱ গোস্বামী । আজি হঠাৎ সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পঠিয়ায় ৷

চিকিৎসকৰ পৰামৰ্শৰ পাচতেই তেওঁক ততাতৈয়াকৈ ১০৮ সেৱাৰ জৰিয়তে গুৱাহাটীলৈ পঠিওৱা হয় ৷ ইফালে মাজুলীৰ চিকিৎসালয়ত চিকিৎসকৰ অভাৱক লৈ ক্ষোভ ব্যক্ত কৰিছে সত্ৰাধিকাৰগৰাকীৰ পৰিয়ালৰ লোকে ৷

জিলাখনৰ জনসাধাৰণৰ সুবিধাৰ্থে পিতাম্বৰ দেৱগোস্বামী চিকিৎসালয়ৰ সকলো বিভাগতে বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে তেওঁৰ পৰিয়ালৰ লোকে । সত্ৰীয়া সংস্কৃতিৰ নীৰৱ সাধক সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে সকলোৱে ।

লগতে পঢ়ক: চিমেন চাপৰি স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱাৰ নামত ভেঁকোভাওনা - Health Service Facilities in Jonai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.