আলফা(স্বা)ৰ বিবৃতিৰ পাছতে পানীতোলাত বোমা বিচাৰি অভিযান আৰক্ষীৰ - ULFA I bomb plans

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 7:27 PM IST

thumbnail
বোমাৰ সন্ধানত আৰক্ষীৰ অভিযান (ETV Bharat Assam)

তিনিচুকীয়া,১৫ আগষ্ট: আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এইবাৰ স্বাধীনতা দিৱসত সামৰিক অভিযান চলাব বুলি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে হুংকাৰ প্ৰদান কৰাৰ পাছত বৃহস্পতিবাৰে প্ৰকাশ এক বিবৃতি বিয়পি পৰাৰ লগে লগে ৰাজ্যত সৃষ্টি হয় জোকাৰণিৰ । বিবৃতিটোত কাৰিকৰী বিজুতিৰ বাবে বোমাসমূহেৰে নিৰ্ধাৰিত সময়ত প্ৰতিবাদ সাব্যস্ত কৰিব নোৱৰাত সংস্থাপন কৰা স্থানসমূহ ৰাজহুৱা কৰি নিস্ক্ৰিয় কৰিবলৈ আহ্বান জনায় । তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ সংস্থাপন কৰা বোমাৰ স্থান নিৰ্ধাৰণ কৰি দিয়াৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰে বহুকেইটা বোমা । সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ পানীতোলা আৰু তিনিচুকীয়া চহৰৰ দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি উল্লেখ কৰাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰে তীব্ৰ অভিযান ।

পানীতোলাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ সকলো স্থান, বজাৰত তিনিচুকীয়া আৰু পানীতোলা আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে প্ৰতিটো স্থান । আলফা স্বাধীনে বিবৃতিটো প্ৰকাশ কৰাৰ পাছৰে পৰা আৰক্ষীয়ে বোমাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহৰ সময়লৈকে সন্ধান পোৱা নাই বোমাৰ । সমান্তৰালভাৱে তিনিচুকীয়া চহৰৰ দুটা স্থানত বোমা আছে বুলি উল্লেখ কৰিছে যদিও বাতৰি সংগ্ৰহৰ সময়লৈ এটাও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ৰাজ্যৰ কেইবাটাও স্থানত বোমা উদ্ধাৰ হৈছে যদিও তিনিচুকীয়া জিলাত উদ্ধাৰ হোৱা নাই বোমা । 

লগতে পঢ়ক: ২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

বোমাৰ সন্ধানত তৎপৰ আৰক্ষী: গুৱাহাটীৰ দিছপুৰ আৰু শৰণীয়াত অভিযান - 78th Independence day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.