নগাঁও-কাৰ্বি আংলং সীমান্তত পুনৰ বন্যহস্তীৰ মৃত্যু - Wil Elephant Dead

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 8:33 PM IST

thumbnail
নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

চামগুৰি, 29 জুলাই : নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ৷ বঢ়মপুৰৰ 1 নং শিলফাটাৰ এখন বাৰীত এটা প্ৰকাণ্ড দঁতাল হাতীৰ মৃতদেহ সোমবাৰে প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ বন্যহস্তীটোৰ যোৱানিশা মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

মৃত হাতীটোৰ সন্মুখৰ বাওঁ ঠেংটো অস্বাভাৱিকভাৱে ফুলি থকাৰ চিন স্পষ্ট হৈ আছে বুলি জনাইছে স্থানীয় লোকে ৷ বিগত প্ৰায় এসপ্তাহ ধৰি বন্যহস্তীটোৱে লেঙেৰাই লেঙেৰাই খোজকাঢ়ি অঞ্চলটোত আৰ্তনাদ কৰি আছিল বুলি জানিব পৰা গৈছে ৷ সোমবাৰে মৃতদেহ উদ্ধাৰ হোৱা হাতীটো কেইমাহমান পূৰ্বে বঢ়মপুৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি থকা অসুস্থ হাতীটো বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷ 

হাতীটোৰ মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই যদিও হাতীৰ জাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে ৷ বন্যহস্তীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সমাপন কৰি সেই স্থানতে সমাধিস্থ কৰাৰো দিহা কৰিছে বন বিভাগে ৷

লগতে পঢ়ক : কলিয়াবৰত পুনৰ বনৰীয়া ম'হৰ আতংক - Wild Buffalo Terror In Kaliabor

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.