পুখুৰীত উদ্ধাৰ তিনিদিনে নিৰুদ্দেশ হৈ থকা কিশোৰৰ মৃতদেহ - Teenagers DIES BY DROWNING

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:32 PM IST

thumbnail
পুখুৰীত উদ্ধাৰ তিনিদিনে নিৰুদ্দেশ হৈ থকা কিশোৰৰ মৃতদেহ (ETV Bharat Assam)

তিনিচুকীয়া,৭ মে’: তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ব্ৰক্ষ্মাজান গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এটা পুখুৰীত উদ্ধাৰ হয় বিগত ৪ মে’ পৰা নিৰুদ্দেশ হৈ থকা দুটিকৈ কিশোৰৰ মৃতদেহ ৷ পেঙেৰীৰ খাটাংপানী চাহ বাগিছাৰ নিবাসী বিনোদ ওৰাঙৰ ১৬ বছৰীয়া পুত্ৰ শংকৰ ওৰাং আৰু মানিক কান্দুলাৰ ১৬ বছৰীয়া পুত্ৰ বিশাল কান্দুলাই ৪ মে'ত ফুৰিবলৈ বুলি ঘৰৰ পৰা একেলগে ওলাই গৈছিল । কিন্তু মঙলবাৰে দুয়োজন কিশোৰৰে মৃতদেহ ব্ৰহ্মজান গাঁৱৰ সঞ্জীৱ বৰা নামৰ এজন লোকৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে ।  

স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে আৰক্ষীয়ে দুয়োটি কিশোৰৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে কিশোৰ দুজন কিদৰে পানীত পৰিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পেঙেৰী অঞ্চলটোতেই এক চাঞ্চল্যৰ পৰিৱেশ বিৰাজ কৰিছে । আনহাতে, আটছাই মুকলিকৈ ৰখা বৃহৎ বৃহৎ পুখুৰীৰ পাৰত ফ্ৰেঞ্চিঙৰ ব্যৱস্থা কৰিবলৈ পুখুৰীৰ গৰাকীক আহ্বান জনোৱাৰ লগতে আৰক্ষীক এইসন্দৰ্ভত বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাই । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.