লাহোৱালৰ আলিমূৰত উদ্ধাৰ দুটা নাহৰফুটুকীৰ মৃতদেহ - Leopards Body Found In Dibrugarh

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 7:02 PM IST

thumbnail
নাহৰফুটুকীৰ উপদ্ৰৱ (ETV BHARAT ASSAM)

মৰাণ, ১১ জুন : ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি বাঘৰ আতংকই বিৰাজ কৰি আছে । বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও নাহৰফুটুকীৰ উপদ্ৰৱ হ্ৰাস পোৱা নাই । দৈনিক ভক্ষণ কৰিছে গৰু, ছাগলীকে ধৰি পোহনীয়া জীৱ-জন্তু । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱালৰ আলিমুৰৰ এখন বাগিচাত মৃত অৱস্থাত দুটাকৈ প্ৰকাণ্ড নাহৰফুটুকী উদ্ধাৰ হয় । বাগিচাৰ নাদৰ পৰা মঙলবাৰে নাহৰফুটুকী দুটাৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।  

চাহ বাগিচাখনৰ গৰাকীয়ে এই সন্দৰ্ভত কয় যে বাগিচাৰ কামৰ বাবে ব্যৱহাৰ কৰা নাদত পৰি থকা অৱস্থাত নাহৰফুটুকী দুটা প্ৰত্যক্ষ কৰে । ইতিমধ্য আৰক্ষী আৰু বন বিভাগক নাহৰফুটুকী দুটাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ খবৰ দিয়া হৈছে বুলি তেওঁ কয় । উল্লেখ্য যে বহুদিনৰ পৰাই এই অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছিল । বহু লোকৰ গৰু-ছাগলী ভক্ষণ কৰি আহিছিল বুলিও ৰাইজে কয় । 

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.