বৰপেটাত বিজেপিৰ অধিবক্তা সন্মিলন - বিজেপিৰ আইন কোষ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:17 PM IST

বৰপেটা, ৪ মাৰ্চ : ৰাজ্যৰ ৫০ হাজাৰ অধিবক্তাক লক্ষ্য কৰি লৈছে বিজেপিয়ে ৷ অধিবক্তা বৃত্তিত জড়িত ৰাজ্যৰ ৫০ হাজাৰ অধিবক্তাক বিজেপিত চামিল কৰি বিজেপিক শক্তিশালী কৰাৰ লক্ষ্যৰে আগবাঢ়িছে বিজেপিৰ আইন কোষ ৷ ইতিমধ্যে ১০ হাজাৰ অধিবক্তাই বিজেপিত যোগদান কৰাৰ লগতে নৰেন্দ্ৰ মোদীৰ হকে প্ৰচাৰ চলোৱাৰ বাবেও উঠিপৰি লাগিছে ৷

নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৰাজ্যৰ ১০ হাজাৰ অধিবক্তাই অসমত নৰেন্দ্ৰ মোদীৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাব ৷ বৰপেটাত বিজেপিৰ অধিবক্তা সন্মিলনত এই মন্তব্য বিজেপিৰ আইন কোষৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীৰ ৷

বৰপেটাত সোমবাৰে অনুষ্ঠিত বিজেপিৰ আইন কোষৰ সন্মিলনত অংশ লৈ জয়ন্ত কুমাৰ গোস্বামীয়ে ৰাজ্যৰ অধিবক্তাসকলে বিজেপিত যোগদানৰ কথা উল্লেখ কৰে ৷ সোমবাৰে বিজেপিৰ আইন কোষৰ সন্মিলনত ২০০ গৰাকী অধিবক্তাই অংশগ্ৰহণ কৰে ৷ জয়ন্ত কুমাৰ গোস্বামীয়ে ৰাজ্যৰ প্ৰতিখন জিলাতে অধিবক্তাসকলৰ যোগদান অব্যাহত থকাৰ কথা প্ৰকাশ কৰে ৷ ৰাজ্যৰ অধিবক্তাসকলে এইবাৰ বিজেপিৰ পক্ষত থিয় হোৱাৰ কথা উল্লেখ কৰি বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত ভাল ফল দেখুৱাব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক : বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.