বিজেপিত যোগদান আৰু চাহ-পকৰি-মেগী-পিঠাৰ জুতি - BJP joining programme

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 8:40 PM IST

thumbnail
সদস্যভৰ্তিৰ বাবে ৰূপজ্যোতি কুৰ্মীৰ বিশেষ কৌশল (ETV Bharat Assam)

যোৰহাট,৪ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে আৰম্ভ কৰিছে গেৰুৱা দলৰ সদস্যভৰ্তি অভিযান । যোৰহাট জিলাত গেৰুৱা দলৰ সদস্যভৰ্তি অভিযান সফল কৰিবলৈ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অৱলম্বন কৰিছে বিশেষ কৌশল আৰু দিছে কেতবোৰ খাদ্য বিনামূলীয়াকৈ লাভ কৰিব পৰাকৈ বিশেষ অফাৰ । এই দিনকেইটাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে, সেয়েহে বিজেপি কাৰ্যকতাসকলক সদস্যভৰ্তি অভিযানৰ বাবে পুৱাৰ ভাগৰ পৰিৱৰ্তে সন্ধিয়াৰ ভাগত যাবলৈ পৰামৰ্শ আগবঢ়াইছে কুৰ্মীয়ে ।  

কাৰণ বিজেপি কাৰ্যকতাসকলে সন্ধিয়াৰ ভাগত সদস্যভৰ্তি অভিযানৰ বাবে ওলাই গলে বিনামূলীয়াকৈ চাহ, পকৰি, মেগী, পিঠা আৰু চাওমিন খাবলৈ পাব । কাৰণ সেই সময়ছোৱাত অতিথিপৰায়ণ অসমীয়া লোকসকলে এইসমূহৰ খাদ্যৰ জুতি লয় । তেনে সময়ত বিজেপি কাৰ্যকতাসকলে গ'লে তেওঁলোকে সেই সমুহৰ খাদ্য জুতি ল'ব পাৰিব । ফলত বিজেপি কাৰ্যকতাসকলৰ পইচা ৰেহাই হ'ব । আজি মৰিয়নী সমষ্টিৰ নকছাৰীত অনুষ্ঠিত বিজেপিৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: বাজপেয়ী ভৱনত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী: ৪৪৩ গৰাকীয়ে কৰিলে যোগদান - BJP joining programme

ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰিল : পুনৰ বিজেপিত যোগদান প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাৰ - Assam BJP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.