প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ আনন্দিত বিজেপি কৰ্মী - Assam BJP Candidate
🎬 Watch Now: Feature Video
Published : Mar 3, 2024, 7:24 AM IST
জোনাই, ৩ মাৰ্চ : শনিবাৰে বিজেপিয়ে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা । অসমৰ ১১ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে ৷ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণাৰ পিচতে উৎসৱমুখৰ হৈ পৰিছে চিলাপথাৰ । ১৪ নং উত্তৰ লখিমপুৰ লোকসভা সমষ্টিৰ বাবে সাংসদ প্ৰদান বৰুৱাক পুনৰবাৰ দলীয় টিকট প্ৰদান কৰাত আনন্দিত হৈ পৰে দলীয় কৰ্মী-সমৰ্থকসকল ।
চিলাপথাৰ টাউন মণ্ডল বিজেপি কাৰ্যালয়ত পালন কৰে আৱতৰীয়া দিপাৱলী । ফটকা ফুটাই নাচি-বাগি আনন্দ প্ৰকাশ কৰে বিজেপি কৰ্মীসকলে । লখিমপুৰত প্ৰদান বৰুৱাৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি কয় কৰ্মকৰ্তাসকলে । কেৱল টিকট প্ৰাপ্তিৰ বাবে আনন্দ নহয় বৰঞ্চ বিজয় উৎসৱহে পালন কৰিব লাগিছিল বুলি মন্তব্য কৰি যোগ্যজনক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে দলীয় শীৰ্ষ মহলক ধন্যবাদ জনাই কৰ্যকৰ্তাসকলে ।
লগতে পঢ়ক: বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা