জন্মদিনত ব্যতিক্ৰমী ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা - KAMAKHYA PRASAD TASA BIRTHDAY
🎬 Watch Now: Feature Video


Published : Oct 15, 2024, 8:34 PM IST
গোলাঘাট, ১৫ অক্টোবৰ : আজি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ জন্মদিন । এই ওপজা দিনটো এক ব্যতিক্ৰমী ৰূপত পাৰ কৰে সাংসদগৰাকীয়ে । গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ গোলোং টেমেৰা পঞ্চায়তত বিজেপিৰ সদস্যতা অভিযানত অংশ লয় সাংসদগৰাকীয়ে । তাতেই সাংসদগৰাকীৰ ৪৯ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই সকলোৱে । আনহাতে, বিশেষ দিনটোতো দলীয় সতীৰ্থ তথা ৰাইজৰ মাজত সময় কটাবলৈ পাই আনন্দ প্ৰকাশ কৰে সাংসদ তাছাই ।
এই সম্পৰ্কে তেওঁ কয়, "ওপজা দিনো আছে, নিজৰ ঠাইত দলীয় কাম-কাজৰ দায়িত্ব আছে । যাৰ বাবে জিলা সভাপতিকে ধৰি বিভিন্ন স্তৰৰ নেতা ৰাইজৰ মাজলৈ আহিছে । দলীয় কাম-কাজ মুখ্য ।"
জন্মদিন উদযাপন সন্দৰ্ভত তেওঁ কয়, "মোৰ জন্মদিন উদযাপন কৰিব পাৰিম বুলি মই ভবাই নাই । পিতৃ-মাতৃয়ে জন্ম দিছে । গতিকে আজিৰ দিনটোত ৰাইজৰ লগত থকাটোৱে মোৰ সংকল্প ।"
আনহাতে, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰাই কয়, "তেখেত অকল সাংসদেই নহয়, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদকো । তেখেতে সদায় ব্যক্তি স্বাৰ্থ পাহৰি ৰাইজৰ লগতে থকা আগৰ পৰা দেখি আহিছো ।"