বীৰচক্ৰ জিণ্টু গগৈক স্মৰণ পিতৃ-মাতৃৰ; চৰকাৰৰ প্ৰতি আক্ষেপ প্ৰকাশ পৰিয়ালৰ - Death anniversary of Jintu Gogoi

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 2:19 PM IST

thumbnail
বীৰচক্ৰ জিণ্টু গগৈক স্মৰণ পিতৃ-মাতৃৰ (ETV Bharat Assam)

গোলাঘাট, ৩০ জুন : আজি বীৰচক্ৰ কেপ্টেইন জিণ্টু গগৈৰ ২৫ সংখ্যক মৃত্যু দিৱস । ১৯৯৯ চনত ভাৰত পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধত বীৰদৰ্পে জপিয়াই পৰি দেশৰ বাবে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদ গৰাকীক সোঁৱৰিছে সমগ্ৰ দেশে । শ্বহীদ গৰাকীৰ মৃত্যু তিথিৰ দিনা গোলাঘাট জিলাৰ খুমটাইস্থিত জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰিলে পিতৃ-মাতৃ, পৰিয়ালৰ লোকৰ লগতে স্থানীয় বহু দল সংগঠনে ।

দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ গৰাকীক ৰাজ্য চৰকাৰৰ লগতে গোলাঘাট জিলা প্ৰশাসনে চৰম অপমান কৰাৰ অভিযোগ একাংশৰ । কিয়নো শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ সময় নহ'ল গোলাঘাট জিলা প্ৰশাসনৰ কোনো লোক । প্ৰশাসনৰ পৰা তিলমানো সহাঁৰিও নাপাই আক্ষেপ প্ৰকাশ কৰিছে শ্বহীদগৰাকীৰ পিতৃ-মাতৃয়ে ।

কেমেৰাৰ সন্মুখতে উচুপি উঠিল শ্বহীদগৰাকীৰ মাতৃয়ে । মাতৃয়ে ৰোমন্থন কৰিলে জিন্টু গগৈ জন্মৰ সময়ৰ কাহিনী ৷ ইফালে কেপ্টেইনগৰাকীৰ মৃত্যুৰ ২৫ টা বছৰ পাৰ কৰা পাচত আজিকোপতি চৰকাৰৰ দ্বাৰা লোৱা নহ'ল কোনো এটাও পদক্ষেপ ।

লগতে পঢ়ক: খুমটাইত কাৰ্গিলৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈলৈ শ্ৰদ্ধাঞ্চলি ভাৰতীয় সেনাৰ - Kargil martyr Captain Jintu Gogoi

কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.