১১ খনকৈ চুৰি বাইকসহ চোৰক আটক নগাঁও আৰক্ষীৰ - BIKE LIFTERS ARRESTED - BIKE LIFTERS ARRESTED
🎬 Watch Now: Feature Video


Published : Jun 18, 2024, 6:46 PM IST
নগাঁও, ১৮ জুন: বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিলে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত ইটাচালী আৰক্ষীৰ চকীৰ এটা দলে মঙলবাৰে বাইক চোৰৰ বিৰুদ্ধে অভিযান চলায় । অভিযানকাৰী দলটোৱে নগাঁৱৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখৰ আবু হানিফ নামৰ এটা দুৰ্ধৰ্ষ চোৰক আটক কৰাৰ লগতে ১১ খনকৈ চুৰি হোৱা বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷
উদ্ধাৰ হোৱা মটৰ চাইকেলকেইখন নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰা হৈছিল ৷ ইফালে অভিযুক্ত ধৃত আবু হানিফে এই চুৰিকাৰ্যত আন দুটাকৈ বাইক চোৰে সহযোগ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ পলাতক বাইক চোৰ দুটাক আটক কৰিলে আৰু অধিক চুৰি বাইক উদ্ধাৰ হ'ব বুলিও আৰক্ষীৰ আগত ব্যক্ত কৰে ধৃত আবু হানিফে ।
সম্প্ৰতি ধৃত আবু হানিফক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ইটাচালী আৰক্ষীয়ে । আৰক্ষীয়ে লগতে আন দুটাকৈ বাইক চোৰৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে । ইপিনে নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা চুৰি বাইকৰ উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰাৰ পাচত বাইকৰ গৰাকীক প্ৰদান কৰা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷