thumbnail

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 4:59 PM IST

ETV Bharat / Videos

কিয় ভূৱন গামে ঠিকাদাৰক আখ্যা দিলে ভিক্ষাৰী বুলি ?

মাজুলী, 2 মাৰ্চ : মুখ্যমন্ত্ৰী নহয়, এইবাৰ খঙৰ ভমকত ৰাইজৰ আগতে মাজুলীৰ বিধায়ক ভূৱন গামে ধমক দিলে ঠিকাদাৰ প্ৰভাত গগৈক ৷ কাৰণ ধূলিময় মাজুলীৰ বহু পথ ৷ অস্বস্তিত পৰিছে মাজুলীবাসী ৷ নিজৰ কাম ভালদৰে কৰা নাই ঠিকাদাৰ প্ৰভাত গগৈয়ে ৷

উল্লেখ্য যে, সত্ৰপীঠ মাজুলীৰ বালিগাঁও চাৰিআলিৰ পৰা নেপালীবাৰী আয়ুষ চিকিৎসালয় সংযোগী এই পথছোৱা নিৰ্মাণৰ দায়িত্বত আছে ঠিকাদাৰ প্ৰভাত গগৈ ৷ বিধায়কে কেতিয়াবা ফোন কৰিলেও ফোন নধৰে ঠিকাদাৰ প্ৰভাত গগৈয়ে । এই অভিযোগ বিধায়ক গামৰ ৷ খঙৰ ভমকত প্ৰভাত গগৈক সন্মুখত পাই ভিক্ষাৰী ঠিকাদাৰ বুলি আখ্যা দিলে মাজুলীৰ বিধায়ক গামে ।

জানিব পৰা মতে, বিগত বছৰতেই বিধায়ক ভূৱন গাম আৰু মাজুলীৰ আয়ুক্ত কাবেৰী বি. শৰ্মাৰ উপস্থিতিত এই পথৰ আধাৰশিলা স্থাপন হৈছিল । এটা বছৰ হ’ল, তথাপিও এই পথৰ কামৰহে বিশেষ অগ্ৰগতি নহ’ল ৷ যাৰ ফলশ্ৰুতিত শনিবাৰে  সেই পথত উপস্থিত হৈ ঠিকাদাৰক ধমক দিলে বিধায়কগৰাকীয়ে ।

আনকি ঠিকাদাৰক এমাহৰ ভিতৰত বালিগাঁও চাৰিআলিৰ পৰা নেপালীবাৰী আয়ুষ চিকিৎসালয় সংযোগী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিলে বিধায়কগৰাকীয়ে । বিধায়কৰ এই পদক্ষেপক ধন্যবাদ দিছে স্থানীয় লোকসকলেও ৷ কিয়নো বাৰিষা পালেহি, সেয়ে এই কামৰ অগ্ৰগতি নহ’লে সাধাৰণ ৰাইজেই যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাত পৰিব ।

লগতে পঢ়ক : ৯৩৬ জন প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.