এইখন ভৱিষ্যৎ প্ৰজন্মক পংগু কৰা বাজেট: ভৰত নৰহ - বিত্তমন্ত্রী অজন্তা নেওগ
🎬 Watch Now: Feature Video
Published : Feb 12, 2024, 6:20 PM IST
গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: সোমবাৰে ৰাজ্যৰ বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰা বাজেটক নিৰ্বাচনমুখী আখ্যা দিয়ে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে । বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, এইখন এখন গতানুগতিক হিতাধিকাৰী সৃষ্টিৰ বাজেট ৷ লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বাজেটখন ধাৰ্য কৰা হৈছে। এই বাজেটখন কৰ্ম-সংস্কৃতি বিনাশকাৰী আঁচনিৰ বাজেট ৷ এই বাজেটে ভৱিষ্যৎ প্ৰজন্মক পংগু কৰিব। উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানক অনুদান দিয়া এইখন বাজেট।
নৰহে লগতে কয় যে, চৰকাৰে ২০২১-২২ বৰ্ষত ২২ শতাংশ ধন ব্যয় কৰিব নোৱাৰিলে। ঠিক একেদৰে ২২-২৩ বৰ্ষতো ২১ শতাংশ ধন ব্যয় কৰিব নোৱাৰিলে । আনহাতে ২০২৩-২৪ বৰ্ষটো চৰকাৰে ২৩ শতাংশ ধন ব্যয় কৰিব নোৱাৰাটো প্ৰায় নিশ্চিত ৷ আনহাতে ঋণৰ ওপৰত ঋণ লোৱা এইখন চৰকাৰৰ ঋণৰ বোজা আগন্তুক দিনত আৰু বৃদ্ধি পাব বুলি নৰহে সদৰী কৰে ৷
লগতে পঢ়ক: বিধানসভাত নীতিশৰ ভাগ্য পৰীক্ষা, অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ