অভয়াপুৰীত ন্যায় যাত্ৰাৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক - Rahul Gandhi Bangaigaon
🎬 Watch Now: Feature Video


Published : Jan 24, 2024, 3:59 PM IST
বঙাইগাঁও, ২৪ জানুৱাৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰী চহৰত উপস্থিত হয় কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি বুধবাৰে বঙাইগাঁও চহৰত উপস্থিত হয় এই ভাৰত জোড়ো ন্যায় যাত্ৰা ।
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সমৰ্থনত কেইবাহেজাৰ লোক ওলাই আহে আৰু যাত্ৰাত অংশগ্ৰহণ কৰে । উল্লেখ্য যে ভাৰত জোড়ো ন্যায় যাত্ৰাই আজি একাদশ দিনত ভৰি দিলে ৷ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অন্তিম পৰ্যায় চলি আছে ৷ সমগ্ৰ ৰাজ্যতেই ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে এই ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷
ভাৰত জোড়ো ন্যায় যাত্ৰা বঙাইগাঁও জিলাৰ পৰা পোনে পোনে ধুবুৰী জিলালৈ ৰাওনা হয় ।
লগতে পঢ়ক: বঙাইগাঁৱত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত সহস্ৰাধিক লোকৰ সমাগম