যোৰহাটৰ পুলিবৰত ভাওনা প্ৰতিযোগিতা - Bhaona competition in Jorhat
🎬 Watch Now: Feature Video


Published : Feb 21, 2024, 10:00 AM IST
যোৰহাট,২১ ফেব্ৰুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমৰ শিল্প কলা,সংস্কৃতি তথা ধৰ্মীয় জগতলৈ আগৱঢ়োৱা অৱদানসমূহৰ ভিতৰত ভাওনা গুৰুজনাৰ অভিনৱ অৱদান । গুৰুজনাৰ এই অভিনৱ সৃষ্টি ভাওনা সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰ লগতে নৱপ্ৰজন্মক এই সৃষ্টিৰাজীৰ প্ৰতি আকৃষ্ট কৰাৰ মানসেৰে 'জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰ'ৰ সৌজন্যত আৰু পুলিবৰবাসী ৰাইজৰ সহযোগত শংকৰ-মাধৱ সমন্বয় ক্ষেত্ৰ যোৰহাটৰ পশ্চিম প্ৰান্তৰ পুলিবৰত ১০ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ।
ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভাওনা প্ৰতিযোগী দলে ভাওনা প্ৰদৰ্শন বাবে আবেদন জনাইছে যদিও সমিতিয়ে ইয়াৰ পৰা ১৪ টা ভাওনা প্ৰদৰ্শনকাৰী দলক মনোনীত কৰে । বিয়লি চাৰি বজাৰ আৰু নিশা ৮ বজাৰ পৰা ভাওনাসমূহ প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে । ইয়াৰ পূৰ্বে ভাওনা সমিতিয়ে পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল । কিন্তু বৰ্তমান খেলপথাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কাম চলি থকাৰ বাবে পূৰ্বৰ স্থান সলনি কৰিব লগা হয় । সমূহ কাৰ্যসূচীত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: চিলাপথাৰত ভাওনা সমাৰোহ আৰম্ভ