ভগদত্তপুৰ আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 12:52 PM IST

thumbnail

গুৱাহাটী,১৮ ফেব্ৰুৱাৰী: ভগদত্তপুৰ আৰক্ষীৰ জিম্মাত দুটাকৈ গভাইত চোৰ । চোৰ দুটাৰ নাম ইন্দ্ৰজিৎ মেধি আৰু চুমন ডেকা । গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল দুই চোৰে । অৱশেষত ভগদত্তপুৰ আৰক্ষীয়ে এখন এজাহাৰৰ ভিত্তিত বিগত দহ দিনে অনুসন্ধান চলাই শনিবাৰে খানাপাৰাৰ জন পথৰ পৰা দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।  

লগতে দুই চোৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬ টাকৈ চিলিণ্ডাৰ, এটা লেপটপ, ৩ টা ম'বাইল ফোন, চুৰি কাৰ্যত ব্যবহৃত AS01FK8781 নম্বৰৰ এখন পালচাৰ বাইক, লগতে জব্দ কৰে স্ক্ৰু ড্ৰাইভাৰ, প্লাছকে আদি কৰি চুৰিকাৰ্যত ব্যৱহাৰ কৰা বহু সামগ্ৰী । ইতিমধ্যে দুই চোৰক গ্ৰেপ্তাৰ কৰি জোৰা অব্যাহত ৰাখিছে ভগদত্তপুৰ আৰক্ষীয়ে । 

লগতে পঢ়ক: চলন্ত চিটি বাছৰ পৰাই চোৰে লুটি নিলে নগদ টকাসহ আ-অলংকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.