ডুমডুমাত হিন্দু দল-সংগঠনে জব্দ কৰিলে বাহনসহ গো-মাংস - Doom Dooma Police
🎬 Watch Now: Feature Video


Published : Feb 4, 2024, 9:29 PM IST
|Updated : Feb 15, 2024, 7:35 PM IST
তিনিচুকীয়া, ৪ ফেব্ৰুৱাৰী: দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত বৃহৎ পৰিমাণৰ গো-মাংস জব্দ কৰা হয় ৷ বিভিন্ন দল-সংগঠনে জব্দ কৰে গো-মাংসখিনি ৷ হাপজানৰ আব্দুল্লা খান নামৰ এগৰাকী ব্যক্তি উক্ত গো-মাংসখিনি সৰবৰাহৰ লগত জড়িত বুলি অভিযোগ উত্থাপিত হৈছে ।
হিন্দুত্ববাদী সংগঠন বজৰং দলৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে জব্দ কৰে উক্ত গো-মাংসখিনি । জানিব পৰা মতে প্ৰায় এক কুইণ্টল ওজনৰ গো-মাংসখিনি কঢ়িয়াই অনা হৈছিল AR 20 1416 নম্বৰৰ বাহনখনেৰে । দল-সংগঠনৰ কৰ্মীসকলে গো-মাংসখিনি জব্দ কৰাৰ পৰৱৰ্তী সময়ত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে ৷
খবৰ লাভ কৰি ডুমডুমা আৰক্ষী উক্ত স্থানত উপস্থিত হয় আৰু মাংসসহ গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীখনৰ চালকগৰাকীক ডুমডুমা থানালৈ লৈ যায় ৷ মাংসখিনিৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলোৱা বুলি জানিবপৰা গৈছে ৷
লগতে পঢ়ক: তিনিচুকীয়াত অঘটন: নিজৰ AK47ৰে গুলীয়াই আত্মহত্যা অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ