এহেজাৰ বড়ো গাভৰুৰ বাগৰুম্বা নৃত্যৰে মুখৰিত বাক্সাৰ বাথৌফুৰি - Baska Bathow puja
🎬 Watch Now: Feature Video


Published : Jan 23, 2024, 3:50 PM IST
বাক্সা, ২৩ জানুৱাৰী : বাক্সাৰ বাথৌফুৰিত আজি অৰ্থাৎ মঙলবাৰৰ পৰা বাৰ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কেন্দ্ৰীয় বাথৌ পূজা মেলাৰ সোণালী জয়ন্তী উৎসৱ ৷ ইতিমধ্যে কেন্দ্ৰীয় বাথৌ পূজা মেলাৰ সোণালী জয়ন্তী উৎসৱ থলীত বাথৌ আৰচ আৰু বড়ো গাভৰুৰ বাগৰুম্বা নৃত্যৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ ৷
পুৱা সোণালী জয়ন্তী উৎসৱৰ মুখ্যদ্বাৰ বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে মুকলি কৰাৰ পাচতে পৰ্যায় ক্ৰমে পঞ্চাশখন ধৰ্মীয় ধ্বজা উত্তোলন, মন্দিৰৰ দ্বাৰ উন্মোচন, ৰভাৰ দ্বাৰ মুকলি, বড়ো জাতীয় প্ৰদৰ্শনী আদি মুকলি কৰা হয় ৷ ইয়াৰ পাচতে অঞ্চলটোৰ এহেজাৰ বড়ো গাভৰুৰ বাগৰুম্বা নৃত্যৰে মুখৰিত হৈ পৰে পূজাথলীৰ বাকৰি ৷
বাক্সা জিলাৰ পৰিকল্পনা বিষয়া লংকেশ্বৰ ৱাৰীয়ে উদ্বোধন কৰে এই বিশেষ নৃত্যৰ কাৰ্যসূচী ৷ উল্লেখ্য যে, বাথৌ ধৰ্মীয় লোকৰ পবিত্ৰ উপাসনা কেন্দ্ৰ বাথৌফুৰিত আজিৰে পৰা ৩ ফেব্ৰুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত বাথৌ পুজাত প্ৰতিদিনে থাকিব বাথৌ আৰচ (প্ৰাৰ্থনা) আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে হেলিকপ্টাৰ ৰাইডিং কৰা হ’ব ।
লগতে পঢ়ক : হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন