বৰপেটা সমষ্টিৰ বাবে ফণীভূষণ চৌধুৰীৰ নাম ঘোষণা

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 6:34 PM IST

thumbnail

বৰপেটা, ১১ মাৰ্চ : অৱশেষত বৰপেটা লোকসভাৰ প্ৰাৰ্থী চূড়ান্ত কৰিলে অগপই ৷ অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বৰপেটা সমষ্টিৰ বাবে ফণীভূষণ চৌধুৰীৰ নাম ঘোষণাৰ পিচতে বৰপেটাত অগপৰ বিজয় নিশ্চিত বুলি দাবী বৰপেটা জিলা অগপৰ ৷ বৰপেটা জিলা অগপৰ সম্পাদক ধনজিৎ পাঠকৰ দাবী বিপুল ভোটত জয়ী হ’ব ফণীভূষণ চৌধুৰী ৷ ১৯৮৫ চনত অগপৰ আতাউৰ ৰহমান সাংসদ নিৰ্বাচিত হোৱাৰ পিচত ৯১ চনৰ পৰা বৰপেটা সমষ্টিত ধাৰাবাহিকভাৱে পৰাজয়ৰ মুখ দেখি আহিছে অগপই ৷

পিচে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰপেটাত অগপৰ বিজয় নিশ্চিত বুলি দাবী অগপ নেতা ধনজিৎ পাঠকৰ ৷ ইপিনে ফণীভূষণ চৌধুৰী বঙাইগাঁও সমষ্টিৰ প্ৰতিজন লোকৰ মাজতে পৰিচিত ৷  তেনেক্ষেত্ৰত প্ৰিয় নেতাগৰাকী দিল্লীলৈ নিৰ্বাচিত হৈ যাবলগীয়া হোৱাত সমৰ্থকসকল অলপ অসন্তুষ্ট হোৱাটো স্বাভাৱিক ৷ ইপিনে, ফণীভূষণ চৌধুৰীৰ বিজয় আৰু ১৪ মাৰ্চত ৰাজনাথ সিঙৰ সভাখন সফল কৰাৰ বাবে অগপ-বিজেপিয়ে একত্ৰিতভাৱে কাম কৰি থকাৰ কথা প্ৰকাশ বৰপেটা অগপই ৷

লগতে পঢ়ক : দিল্লীলৈ গ’লেও সমষ্টিবাসীৰ কাষত থাকিম : ফণীভূষণ চৌধুৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.