অনুৰাগীয়ে প্ৰাণ ভৰি উপভোগ কৰিলে প্ৰিয়ংকা ভৰালীৰ বিহুৰ অনুষ্ঠান - rangali bihu program - RANGALI BIHU PROGRAM
🎬 Watch Now: Feature Video


Published : May 1, 2024, 11:41 AM IST
বৰপথাৰ, ১ মে’: অসমত এতিয়া উজনি-নামনি সকলোতে বহাগ বিহুৰ সংগীতানুষ্ঠান চলি আছে ৷ নিজৰ নিজৰ প্ৰিয় কণ্ঠশিল্পীৰ সংগীত উপভোগ কৰিবলৈ আহি অসমৰ ৰাইজেও নিশাৰ পৰা পুৱালৈকে উপভোগ কৰিছে বিহুৰ অনুষ্ঠান ৷ গোলাঘাট জিলাৰ বৰপথাৰত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৪৯ সংখ্যক বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ । প্ৰথম দিনাই সমূহীয়া পতাকা উত্তোলনকে ধৰি বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সৰুপথাৰৰ বিধায়কৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ লগতে জিলাখনৰ বহুতো জনসাধাৰণে ।
মঙলবাৰে নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠানৰ পিচতেই সামৰণি পৰে বৰপথাৰৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচীৰ । প্ৰিয়ংকা ভৰালীৰ সৈতে সংগীত পৰিৱেশন কৰিলে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰয়ো । শিল্পী দুগৰাকীয়ে পৰিৱেশন কৰিলে ন-পুৰণি অসমীয়া গীতৰ লগতে বহু বিহুগীত । উপস্থিত ৰাইজক মুগ্ধ কৰিলে প্ৰিয়ংকা ভৰালীৰ সংগীতৰ সুৰে । বতৰে কিছু বিধি-পথালি দিয়াৰ লগতে বৰষুণে অসুবিধাৰ সৃষ্টি কৰিছিল যদিও গানৰ তালে তালে দৰ্শকে নাচি-বাগি উপভোগ কৰিলে সংগীতানুষ্ঠান ।
লগতে পঢ়ক : বিলাসী বাহনেই নহয়, কেতিয়াবা এক্সকেভেটৰতো উঠিবলৈ মন যায়... - Zubeen Garg Stage Program 2024