thumbnail

এমুঠি ঘাঁহ, লোকবিশ্বাস আৰু এখন বিশেষ পূজা

By ETV Bharat Assamese Team

Published : 3 hours ago

বাক্সা,১০ অক্টোবৰ : দুৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । বিভিন্ন পৰম্পৰা আৰু ৰীতি-নীতি পালন কৰি বিভিন্ন পূজা মণ্ডপত আয়োজন কৰা হৈছে দুৰ্গা পূজা । তাৰ মাজতে চৰ্চালৈ আহিছে এখন বিশেষ ঐতিহাসিক পূজা । বাক্সাৰ বৰমাত আছে এই বিশেষ ঐতিহাসিক পূজাভাগ । ১৭১৪ খ্ৰীষ্টাব্দতে স্থাপন হোৱা শ্ৰীপুৰ দেৱালয়ৰ শ্ৰীশ্ৰী দুৰ্গা পূজাত প্ৰতি বছৰে অসমৰ বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় ৷ আহোম যুগতে আৰম্ভ হোৱা এই ঐতিহাসিক শ্ৰীপুৰ দেৱালয়ৰ পূজাৰ বিশেষ আকৰ্ষণ হৈছে ঘাঁহ দিয়া প্ৰথা ৷ শ্ৰীপুৰ দেৱালয়ত দুৰ্গা পূজাত আহোম যুগৰে পৰা চলি আহিছে এই ঘাঁহ দিয়া প্ৰথা ৷

জনবিশ্বাস মতে এই স্থানত গছৰ তলত ঘাঁহ দিয়া প্ৰথা পূৰ্বৰে পৰা চলি আহিছে ৷ পূজা কমিটীৰ সদস্যই জনোৱা মতে পূৰ্বতে এই অঞ্চলত সন্ধিয়া ঘোঁৰাৰ খোজৰ শব্দ শুনিবলৈ পোৱা গৈছিল ৷ ভক্তপ্ৰাণ ৰাইজে দেৱালয়লৈ আহিলে সেয়ে উক্ত স্থানত ঘাঁহ এমুঠি দি আহে যাতে ঘোঁৰাটোৰ কোনো অপায়-অমংগল নহয় তাৰ বাবেও প্ৰাৰ্থনা কৰে । শ্ৰীপুৰ দেৱালয়ত দুৰ্গা পূজাত নবলি দিয়া প্ৰথাও চলি আহিছে ৷ নবলিত থাকে ম'হ, ছাগলী, হাঁহ, পাৰ, কোমোৰা, কল, টেঙা, কুঁহিয়াৰ, মানকচু আৰু তামোল ৷

লগতে পঢ়ক :নষ্টালজিক হ'ব খোজে যদি আহক এইখন পূজা মণ্ডপলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.