বাক্সাত "আমাৰ গাওঁ, আমাৰ গৌৰৱ" শীৰ্ষক আলোচনা চক্ৰ - Farmer Awareness Programme - FARMER AWARENESS PROGRAMME
🎬 Watch Now: Feature Video
Published : Jun 12, 2024, 9:30 AM IST
বাক্সা, ১২ জুন : 'আমাৰ গাঁও আমাৰ গৌৰৱ' আঁচনিৰ লগত সংগতি ৰাখি কৃষি বিষয়ক এখন সজাগতা সভা মঙলবাৰে বাক্সা জিলাৰ বৰমা মঠাতুলি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় । এই সভাখনত কৃষি পদ্ধতিত কৃষকে সন্মুখীন হোৱা বহু গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰা হয় ।
সজাগতা সভাখনত কেবাগৰাকী বিশেষজ্ঞই অংশগ্ৰহণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় নলবাৰীৰ সৌজন্যত 'আমাৰ গাওঁ আমাৰ গৌৰৱ' আঁচনি ৰূপায়ণৰ প্ৰাৰম্ভিক তথ্য সংগ্ৰহ আৰু মত বিনিময় কৰাই হৈছে এই সভাৰ উদ্যেশ্যে ৷
সভাখনত মহখুলী, মঠাতুলি, দীঘেলী, বৰমা, হেৰামজাৰ, নাথপাৰা আদি গাঁৱৰ বহু কৃষকে অংশগ্ৰহণ কৰে । সভাখনত কৃষকসকলে কৃষিক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা অৱগত কৰে আৰু বিশেষজ্ঞ অধ্যাপক-অধ্যাপিকাসকলে সমাধানৰ উপায় আগবঢ়ায় ।
তেওঁলোকে লগতে ভৱিষ্যতে প্ৰশিক্ষণ, প্ৰদৰ্শন ইত্যাদিৰ জৰিয়তে সহায় কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে কৃষকসকলক ৷ নলবাৰী জিলাৰ উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ অধ্যাপক ড৹ দীপক শৰ্মা, ড৹ আৰাধনা বৰুৱা, ড৹ বৰ্ণালী গগৈ আৰু ড৹ জয়াৰাণী পেগুই সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷