ৰাইজে কাক বিৰোধিতা কৰিব, কাক সমৰ্থন দিব সেয়া ৰাইজে জানে: অতুল বৰা - Lok Sabha election 2024
🎬 Watch Now: Feature Video


Published : Mar 13, 2024, 8:54 PM IST
বোকাখাত,১৩ মাৰ্চ: বোকাখাতত কংগ্ৰেছক তীব্ৰ সমালোচনা কৃষি মন্ত্ৰী অতুল বৰাৰ । বোকাখাতৰ দহ স্থানত আধাৰশিলা স্থাপন কৰি মন্ত্ৰী অতুল বৰাই কংগ্ৰেছৰ ভৱিষ্যত ব্যাখ্যা কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছ এইবাৰ জিৰ' নহয়, মাইনাচত গ'লেও আচৰিত হ'বলগীয়া একো নাই ৷" কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে, উন্নয়নৰ ধাৰা কি ৰাইজে দেখিছে ৷ ৰাইজে সমৰ্থন কাক দিব, বিৰোধীতা কাৰ কৰিব সেয়া ৰাইজে জানে ৷ তদুপৰি, বিজেপি, অগপ আৰু UPPL ৰ দ্বাৰা প্ৰদান কৰা প্ৰাৰ্থী সকলোতে জয়ী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী বৰাই ৷
উল্লেখ্য, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগেলগে প্ৰতিবাৰৰ দৰেই এইবাৰো তৎপৰ হৈ উঠিছে শাসকীয় মন্ত্ৰী-বিধায়ক ৷ ব্যতিক্ৰম নহয় বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাও ৷ শেহতীয়াকৈ সমষ্টিটোৰ বাদুলিপাৰ, পূৱ মহুৰা, ৰজাবাৰী, দক্ষিণ কাজিৰঙা, উত্তৰ-পূৱ কাজিৰঙা, পূৱ কাজিৰঙা আৰু পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত মুঠ ১০ টা চিচি ব্ল’ক পথৰ কামৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এম জি এনৰেগাৰ অধীনৰ এই পথসমূহৰ কাম শীঘ্ৰেই আৰম্ভ কৰি শেষ কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: জাহাজৰ প্রতীকত বৰপেটা সমষ্টিত নিৰ্বাচন খেলিব দুলু আহমেদে