স্মার্ট মিটাৰ বন্ধ কৰাৰ দাবীত আটছাৰ ধৰ্ণা - protest against smart meter
🎬 Watch Now: Feature Video
তিনিচুকীয়া/লখিমপুৰ, ১৬ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যত বিদ্যু ৎ বিভাগৰ আসোঁৱাহপূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে সাধাৰণ ৰাইজক জলা-কলা খুৱাইছে । আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে । অনিয়মীয়া বিদ্যুৎ যোগান আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া শাখা সমিতি আৰু মাকুম শাখা সমিতিৰ যৌথ উদ্যোগত তিনিচুকীয়া বিদ্যুৎ উপ সমণ্ডল কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই চৰকাৰে জনসাধাৰণৰ হিতৰ কথা চিন্তা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ব্যৱস্থা নকৰিলে ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।
ৰাজ্যৰ কেইবাখনো জিলাৰ দৰে লখিমপুৰতো আটছাৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লখিমপুৰ নগৰৰ কমলাবাৰী পথত থকা শক্তি বিতৰণ কোম্পানীৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি পৰিবেশ উত্তাল কৰি তোলে । আটছাৰ লখিমপুৰ জিলা সমিতিয়ে নাওবৈচা, ঢকুৱাখনা আদি শাখা সমিতিৰ সহযোগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।