জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে ক্ষোভ আটাছুৰ; সোণাৰিত জব্দ আগশাৰীৰ বাতৰি কাকত

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 1:06 PM IST

thumbnail

মৰাণ, 27 ফেব্ৰুৱাৰী: ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ এটা ফেছবুক পোষ্টে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰাজ্যজুৰি । আহোমৰ ৰাজ শাসনকলৈ বিতৰ্কিত মন্তব্য কৰাক লৈ জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল- সংগঠন । জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে ক্ষোভিত হৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰিত এজেঞ্সীৰ পৰা জব্দ কৰিলে অসমৰ এখন আগশাৰীৰ বাতৰি কাকতৰ বাণ্ডিল । 

সাংবাদিক মনোজ গোস্বামীয়ে সামাজিক মাধ্যমত লিখা এটা পোষ্টৰ পাছতেই সৰৱ হৈ উঠিছে আটাছু । আহোম জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰি মনোজ গোস্বামী সম্পাদিত কাকতখন জব্দ কৰে আটাছুৱে । সাংবাদিক গোস্বামীক অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী তোলে আটাছুয়ে ৷ 

জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে ক্ষমা নোখোজা পৰ্যন্ত গোস্বামী সম্পাদকৰ দায়িত্বত থকা বাতৰি কাকত আৰু টেলিভিশ্যন চেনেল বৰ্জন কৰা হ'ব বুলিও জানিবলৈ দিছে সংগঠনটোৱে ।

লগতে পঢ়ক: জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আটাছুৰ মটৰ চাইকেল সমদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.