১০ হাজাৰ গৰাকী আয়তীয়ে একেলগে পৰিৱেশন কৰিলে দিহানাম - ASSAM BOOK OF RECORDS
🎬 Watch Now: Feature Video
Published : 3 hours ago
|Updated : 2 hours ago
শিৱসাগৰ: হাজাৰ হাজাৰ আই-মাতৃৰ দিহানাম পৰিৱেশনেৰে অভিলেখ । শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত আজি একেলগে ১০,১০০ গৰাকী আয়তীয়ে একেলগে পৰিৱেশন কৰিলে দিহানাম । যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা অহা ১০ সহস্ৰাধিক আইমাতৃয়ে পৰিৱেশন কৰিলে দুটা দিহানাম । দিহানাম পৰিৱেশন কৰি অন্তৰ্ভুক্ত হ'ল অসম বুক অৱ ৰেকৰ্ডত ।
সৰ্বাধিক মহিলাই হাতচাপৰি মৰাৰ অভিলেখো প্ৰতিষ্ঠা কৰিলে । ইয়াৰ উপৰি নেশ্যনেল বুক অৱ ৰেকৰ্ডছত স্থান লাভৰ সম্ভাৱনা ব্যক্ত কৰিলে নেশ্যনেল বুক অৱ ৰেকৰ্ডছ ৰ প্ৰতিনিধিয়ে ।
আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলা অনুষ্ঠানটোত অসম বুক অৱ ৰেকৰ্ডৰ বিষয়ববীয়াৰ উপৰি অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী, দিহানামৰ সম্ৰাট কমলা গগৈসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি । অনুষ্ঠানটোত উপস্থিত থাকি অখিল গগৈয়ে," মই কিবা এটা সহযোগ কৰিছো, ইমান ভাল অনুষ্ঠান হ'ব বুলি জনা হ'লে আৰু বহুত দিলোহেঁতেন । "